> Byline > হস্ততাঁত আৰু বস্ত্ৰ শিল্প:অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ  
Date of Publish: 2019-06-08
Submited By: Deepsikha
Contact: [email protected]

প্ৰাচীন কালৰে পৰা বয়ন শিল্পত অসম, ভাৰত বিখ্যাত।অসমৰ হস্ততাঁত-বস্ত্ৰ শিল্পৰ গ্ৰাম্য অৰ্থনীতিত অৰিহণা বহুত।অসমীয়া তিৰোতাসকলৰ অতীজৰে পৰা শিপিনীৰূপে এক সুকীয়া পৰিচয় আছে।এই হস্ততাঁত আৰু বস্ত্ৰ শিল্প অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।এক কথাত ক’বলৈ গ’লে বয়ন শিল্প অসমীয়া  সংস্কৃতিৰ পৰম্পৰা, আৰু এই পৰম্পৰা জীয়াই ৰখাটো প্ৰত্যেকজন অসমীয়াৰে দায়িত্ব।
          বয়ন শিল্প অবিহনে অসমৰ অৰ্থনীতি সুচল বুলিব নোৱাৰি।আৰু গ্ৰামাঞ্চলসমূহৰ উন্নতি অবিহনে এখন ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নতি সম্ভৱ নহয়।এই শিল্পই অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু জন-জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে ৰাজ্যখনৰ অৰ্থনীতিত ৰাজ্যখনৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমীয়াৰ ঐতিহ্যৰ প্ৰতীক গামোচা উৎকৃষ্ট নিদৰ্শন। গামোচাই অসমীয়াৰ সংস্কৃতি সৰ্বতো প্ৰকাৰে ধৰি ৰাখিছে। বৰ্ত্তমান এই গামোচা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিবলৈও সক্ষম হৈছে। লগতে গামোচাৰ চাহিদাও দিনক দিনে বাঢ়িছে।
        অসমীয়া জাতীয় জীৱনৰলগত ওতঃপ্ৰোত ভাৱে জড়িতএই শিল্পৰ জৰিয়তে গাৱঁৰ মহিলাসকলে ৰাজ্যখনৰ অৰ্থনীতিত প্ৰচুৰ অৱদান আগ বঢ়াই আহিছে। বৰ্তমান এই শিল্প, উৎপাদিত সামগ্ৰী সমূহ বাণিজ্যকীকৰণৰ বাবে অন্যতম সৰ্বাধিক আত্মনিয়োগৰ সুবিধা থকা এক শিল্প হিচাপে পৰিগণিত হৈছে। বয়ণশিল্পৰ লগত জড়িত আনুসংগিক কৰ্মত নিয়োজিত হৈয়ো বহুতোলোকে কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত কৰিছে। এই শিল্পক অসমৰ অন্যতম বৃহৎ কুটিৰ শিল্পৰূপে জনা যায়। বৰ্তমান অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্নধৰণৰ উন্নয়নমূলক আঁচনি সমূহ ৰূপায়ন কৰি ৰাজ্যখনৰ অৰ্থনীতি ভিতৰৰ পৰা টনকিয়াল কৰি তোলা লগতে সমাজৰ একেবাৰে নিঃস্বজনৰ মুখত হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে।সময়ৰ লগে লগে এই শিল্পত বৈজ্ঞানিক প্ৰযুক্তিৰ প্ৰৱেশ ঘটিছে যাৰফলত উৎপাদন আৰু শিল্পীসকলৰ উপাৰ্জনত আমোল পৰিৱৰ্তন হৈছে। তদুপৰি চৰকাৰৰ দ্বাৰা MGBBY(Mahatma Gandhi Bunkar Bima Yojna) নামৰ এক আঁচনি প্ৰণয়ন কৰা হৈছে।এই আঁচনি অনুসৰি ২৫জনীয়া এটি শিপিনীৰ দল গঠন কৰি ৮০টকীয়া ইঞ্চুৰেঞ্চ খোলাৰ এক নিয়ম বান্ধি দিছে। যাৰ পূৰ্বতে নিৰ্ধাৰিত বয়সৰ সীমা আছিল ১৮-৬০বছৰ, বৰ্তমান এই বয়স সীমাৰ কিছু সালসলনি ঘটি ১৮-৫০ বছৰ নিৰ্ধাৰণ হয়।এই দলত অন্তৰ্ভুক্ত মহিলাৰ ৯,১০,১১ আৰু ১২ বছৰীয়া সন্তানে বছৰত ৬০০ টকাকৈ scholarship পোৱাৰো সুবিধা আছে। যদি Group Insurance খোলা সদস্যৰ মৃত্যু হয় তেন্তে ক্ষতিপূৰণৰো ব্যৱস্হা আছে। পূৰ্বতে অৰ্থাৎ ১৮-৬০ বছৰৰ সময়সীমাত ই ৬০,০০০টকা আছিল।বৰ্তমান ১৮-৫০বছৰৰ সময়সীমাত ই বৃদ্ধি পাই প্ৰায় ২,০০,০০০ টকা হৈছে।এনে আঁচনিৰ জৰিয়তে ৫০,০০০-৫,০০,০০০ শিপিনীক মুদ্ৰা লোণ দিয়াৰ ব্যৱস্থা কৰিছে। সুলভমূল্যত শিপিনীসকলক সূতা দিয়াৰ ব্যৱস্থাও আছে, যি সুবিধা কেৱল মাত্ৰ শিপিনীসকলৰ বাবেহে প্ৰযোজ্য। বৰ্তমান দিনক দিনে এই কুটিৰ শিল্পৰ জনপ্ৰিয়তা বাঢ়িবলৈ লৈছে। যাৰফলত নিবনুৱা যুৱক-যুৱতীয়েও কৰ্ম সংস্থাপন পাইছে। তথাপিও ইয়াৰ সুফলৰ প্ৰচাৰ আৰু প্ৰসাৰ বৰ্তমানেও বহু কম। হস্তশিল্প যে অসমীয়া সংস্কৃতিৰ পৰিচায়ক সেই কথা সকলোৱে মনত ৰাখি এই শিল্পবিধক ধৰি ৰখা আৰু আগুৱাই নিয়া প্ৰত্যেকজন অসমীয়াৰে কৰ্তব্য, তেতিয়াহে অসম তথা ভাৰতৰ অৰ্থনীতি সৰ্বতোপ্ৰকাৰে উন্নত হ’ব।


দীপশিখা শৰ্ম্মা।
চতুৰ্থ ষাণ্মাসিক
সাংবাদিকতা আৰু গনসংযোগ অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।
 

Comment


Twisted-19
The Leaning Post - A short story by Aranyak Saikia
Queer Activist Rituparna experiments the free library concept to create political space for LGBTQ+ community in Assam
Book Review : Inner Landscapes by Dhrubajyoti Borah
When all becomes one
Bambooti Excavation Site: The last Neolithic Age cultural site in Assam with ruins of 3200 years old Kitchen Midden
Adolescents in Assam tea garden areas trained to use folklore to fight social vulnerabilities