> Byline > শংকৰঘোলাত আৰণ্যকৰ দলনি বিল সংৰক্ষণ বিষয়ক ৰাজহুৱা সভা সম্পন্ন  
Date of Publish: 2023-03-23
Submited By: Gunajit Mazumdar
Contact: [email protected]

যোৱা ১৬ মাৰ্চ তাৰিখে বঙাইগাঁও জিলাৰ এখন অন্যতম জলাশয়, দলনি বিলৰ সংৰক্ষণ বিষয়ক এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা শংকৰঘোলাত অনুষ্ঠিত হৈ যায়।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতি সংৰক্ষণৰ অগ্ৰণী বেচৰকাৰী সংস্থা তথা ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত বৈজ্ঞানিক আৰু ঔদ্যোগিক প্ৰতিস্থান আৰণ্যকে আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে স্থানীয় কুমাৰকাটা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত ৰাজেন চন্দ্ৰ দাসে।আৰণ্যকৰ পশ্চিম মণ্ডলৰ সমন্বয়ক ড° অশোক কুমাৰ দাসে উদ্দ্যেশ্য ব্যাখ্যা কৰি জনায় যে, অসম চৰকাৰৰ বনবিভাগ আৰু জাৰ্মানীৰ GIZ সংস্থাৰ সহযোগত আৰণ্যকে ইতিমধ্যে দলনি বিলৰ সংৰক্ষণক কেন্দ্ৰ কৰি এটা বিশেষ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ কৰিছে, য’ত  দলনি বিলৰ দাঁতিকাষৰীয়া ৰাইজৰ বিলখন সম্পৰ্কে মতামত জনাটো প্ৰয়োজনীয়।

সভাখনৰ ‘ৰাইজৰ সৈতে মতামত’ শীৰ্ষক অনুস্থানটো পৰিচালনা কৰে  আৰণ্যকৰ পানী, জলবায়ু আৰু দূৰ্যোগ বিভাগৰ মুৰব্বী ড° পাৰ্থ জ্যোতি দাসে।

ড° দাসে দলনি বিলৰ দাঁতিকাষৰীয়া বিভিন্ন গাঁওৰ পৰা অহা ৰাইজৰ পৰা বিগত সময়ত বিলখনত দেখা পোৱা পৰিবৰ্তন, বিলখনৰ উপকাৰিতা, বিলখন সম্পৰ্কীয় চৰকাৰী নীতি – নিয়ম, ইত্যাদি ভালেকেইটা বিষয়ৰ মতামত গ্ৰহণ কৰে।

দলনি বিলৰ দাঁতিকাষৰীয়া খেৰপুজি, কুমাৰকাটা, দলনি, সৃষ্টিপাৰা, শংকৰঘোলা, মানিকঝৰা, টিলাপাৰা আদি প্ৰায় ১৫ খন গাঁওৰ পৰা বিশেষকৈ কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, মহিলা আৰু কেইবাগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি সভাখনত উপস্থিত থাকে। উল্লেখযোগ্য যে, GIZ-ৰ ভাৰতৰ মুখ্য প্ৰকল্প সঞ্চালক শ্ৰীমতী পেট্ৰিচিয়া ডৰ্ণ আৰু GIZ ৰ এগৰাকী কাৰীকৰী উপদেষ্টা ড° সুদীপ্ত কুমাৰ বশিষ্ঠও এই সভাত উপস্থিত থাকে। শ্ৰীমতী ডৰ্ণে জাতি-বৰ্ণ, ভাষা নিৰ্বিশেষে উপস্থিত থকা ৰাইজক প্ৰত্যক্ষ কৰি উপকৃত হয় আৰু আৰণ্যকৰ দৰে এটি নিষ্ঠাবান প্ৰকৃতি সংস্থাক দলনি বিলৰ অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰক্ৰিয়াটোত সহযোগ কৰাৰ বাবে আহ্বান জনায়।

সভাৰ মাজতে শংকৰঘোলাৰ শিশু শিল্পীৰ এটা দলে ৰাভা নৃত্য প্ৰদৰ্শন কৰি অনুস্থানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।সভাপতিৰ চমু বক্তব্যৰ পিছতে শলাগৰ শৰাই আগবঢ়ায় আৰণ্যকৰ পশ্চিম অসম মণ্ডলৰ সহ-সমন্বয়ক শ্ৰী অংকুৰ বৰ্মনে।

Comment


Look beyond the broom
How SOS lived up to its name in an Assam village
Concerns and questions over the Citizenship Act (Amendment) bill, 2016
NEZINE podcast: Lepcha folk tale -The Story of Jyamphi Moong, a Yeti
Manipur newspaper Editor refuses to bow to insurgent outfit’s pressure, despite life threats
Yairipok Thambalnu -The Lotus Girl I Manipuri Folktales- PHUNGA WARI
Myth of non-lapsable fund for Northeast: Over Rs 90,000 crores left unutilized under NLCPR, but DONER ministry is unable to leverage the accumulated amount as it is only notional fund