> Byline > জলবায়ু সংকটৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অসম কন্যা  
Date of Publish: 2023-03-16
Submited By: Gunajit Mazumdar
Contact: [email protected]

গুৱাহাটী, মাৰ্চ ১৬: অসমৰ জীয়ৰী আৰু এগৰাকী জীৱবিজ্ঞানী ড০ আললিকা সিনহাক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ US Department of Statesৰ ফালৰ পৰা জলবায়ু পৰিৱৰ্তনৰ আৰু জলবায়ু সংকটৰ ওপৰত এক পেছাদাৰী শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মনোনীত কৰিছে  এই তিনি সপ্তাহজোৰা কাৰ্যসূচী যোৱা  ২৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু আগন্তুক ১৮ মাৰ্চ লৈকে অব্যাহত থাকিব তেওঁ বৰ্তমান মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আন্তৰ্জাতিক ভিজিটৰ লিডাৰশ্বিপ প্ৰগ্ৰাম (International Visitor Leadership Program)ৰ উদ্যোগ "দ্য ক্লাইমেট ক্ৰাইচিছ: ৱৰ্কিং টুগেদাৰ ফৰ ফিউচাৰ জেনাৰেশনছ" কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে

ড০ আললিকা সিনহা অসমৰ আগশাৰীৰ গৱেষণা ভিত্তিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ এগৰাকী জীৱবিজ্ঞানী আৰু গুৱাহাটীৰ বাসিন্দা এই কাৰ্যসূচীৰ অংশ হিচাপে ড০ সিনহাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে বেচৰকাৰী সংগঠনসমূহৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰিছে আৰু জলবায়ু পৰিবৰ্তন সম্পৰ্কিত সংকট সমাধানৰ বিষয়ে গুৰুত্বপূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে। তেওঁ বিভিন্ন দেশৰ আন তিনিজন মনোনীত অংশগ্ৰহণকাৰীৰ সৈতে বিখ্যাত হোৱাইট হাউচ (The White House) পৰিদৰ্শন কৰে আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যবাহী কাৰ্যালয় কাউন্সিল অফ এনভায়ৰনমেণ্টেল ইকুৱেলিটি (Council of Environmental Equality)ৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এই বিষয়ত বাৰ্তালাপ কৰে

ড০ সিনহা আৰু তেওঁৰ সহযোগী অংশগ্ৰহণকাৰীসকলে বিশেষজ্ঞসকলৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেট-জিৰো চৰকাৰী উদ্যোগ, সেউজ শক্তি, বন ব্যৱস্থাপনাৰ বাবে অংশীদাৰীত্ব আদিৰ ওপৰত ব্যাপকভাৱে আলোচনা কৰে। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু মধ্য এছিয়া অঞ্চলৰ বিভিন্ন দেশৰ তেওঁৰ সহকৰ্মীসকলৰ সৈতে ফলপ্ৰসূ আলোচনা কৰে, আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমন আৰু অভিযোজন, আৰু সাম্ভাব্য সহযোগিতাৰ ওপৰত মতামতৰ আদান-প্ৰদান কৰে।

Comment


Gender Health Equity in Assam: Still a Myth as Poverty and Patriarchy Decide When Women Get Treated
Kalbari: An archipelago village in Assam where life is held hostage by recurrent floods and erosion
Commercial manufacturing of Assam’s rice-based heritage brews: Current Excise Rules to benefit only the moneyed class brew problems for the communities
Assam HDR 2014- Pollution time bomb ticking for Guwahati
A few poems of Namrata Pathak
Assam needs two more tea auction centres
TAWANG: BUDDHA-BLESSED HIMALAYAN BLISS AT 10,000 FT