> Byline > আৰণ্যকৰ উদ্যোগ : হাতী – মনুহৰ সংঘাত নিৰাময়ৰ ববে স্থানীয় লোকক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক  
Date of Publish: 2023-04-12
Submited By: Gunajit Mazumdar
Contact: [email protected]

গুৱাহাটী, ১২ এপ্ৰিল : সঘনাই হাতী মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা অঞ্চলসমূহত হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী দিব পৰা এটা ব্যৱস্থাই মানুহ আৰু বনৰীয়া হাতী দুয়োবিধ প্ৰাণীৰে জীৱন ৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিলে গাওঁবাসীয়ে তেওঁলোকৰ জীৱন ৰক্ষা আৰু শস্য আৰু সম্পত্তি লোকচান হ্ৰাস কৰাৰ বাবে সময়মতে পদক্ষেপ গ্ৰহণ কৰিব পাৰে ।

হাতী মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যে গৱেষণা, সেৱা সম্প্ৰসাৰণ, সামৰ্থ্য সৃষ্টি আৰু অৱক্ষয় হোৱা বসতিস্থল পুনৰুদ্ধাৰ আদি বহু দিশত কাম কৰা উত্তৰ-পূব ভাৰতস্থিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকে (www.aaranyak.org)  সঘনাই হাতী মানুহৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা অঞ্চলসমূহত স্থানীয় লোকসকলক লৈ হাতী সংৰক্ষণ নেটৱৰ্ক (ই চি এন) নামৰ এটা স্থানীয় গোট গঠনৰ জৰিয়তে এক অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ই চি এন সমূহৰ মূল উদ্দেশ্য হৈছে স্থানীয় গাওঁবাসীক লৈ এটা আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ সৃষ্টি কৰা । স্থানীয় গাওঁবাসীয়ে তেওঁলোকৰ ওচৰ-পাজৰত হাতীৰ গতিবিধি নিৰীক্ষণ কৰিব আৰু গাঁৱৰ লোকসকলক হাতীৰ উপস্থিতিৰ বিষয়ে সতৰ্ক কৰিব ।

আৰণ্যকে মানুহ আৰু হাতীৰ সহাৱস্থানক উদগনি যোগোৱাৰ বাবে কাম কৰি থকা গাওঁবোৰত প্ৰাৰম্ভিকভাবে ইয়াৰ আৰম্ভণি কৰিছিল ।  গাঁওবাসীয়ে এনে গোট গঠন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা আৰু তেওঁলোকৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি গোৱালপাৰা, বাক্সা আৰু উদালগুৰি জিলাত এতিয়ালৈকে সাতটা ই চি এন গোট গঠন কৰিলোঁ যত প্ৰায় ১৩০ জন লোক জড়িত হৈ আছে।

ই চি এনৰ সদস্যসকলৰ সামৰ্থ্য গঢ়ি তোলাৰ বাবে আৰণ্যকৰ বিভিন্ন দলে আনুষ্ঠানিক কৰ্মশালা আৰু অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰে। তেওঁলোকক হাতীৰ পৰিৱেশতন্ত্ৰ আৰু আচৰণ আৰু ফলপ্ৰসূ প্ৰশমন ব্যৱস্থাৰ বিষয়ে শিকোৱা হয়যিবোৰে তেওঁলোকক তেওঁলোকৰ অঞ্চলত সংঘাত পৰিহাৰ কৰা আৰু সহাৱস্থানৰ ক্ষেত্ৰত সহায় কৰিব।

সংশ্লিষ্ট ই চি এন সদস্যসকলে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে হাতীৰ উপস্থিতিৰ তথ্য আদান প্ৰদান কৰে । ইয়াৰ উপৰিও ইচিএনৰ সদস্যসকলে আমাক ক্ষতিগ্ৰস্ত গাঁৱৰ লোকসকলক ৰিচাৰ্জযোগ্য স্পটলাইটৰ দৰে প্ৰশমন সঁজুলি বিতৰণ, গাঁওসমূহত মানুহ আৰু হাতীৰ সংঘাতৰ ঘটনাৰ নিৰীক্ষণ আৰু তথ্য সংগ্ৰহ কৰাত সহায় কৰে।

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভুতি প্ৰসাদ লহকৰে কয়, “ই চি এন গোটসমূহে সংকেত প্ৰেৰণ আৰু উন্নত নিৰীক্ষণত যথেষ্ট অৰিহণা যোগাইছে আৰু মানুহ-হাতীৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়ক জড়িত কৰাত সহায় কৰিছে । আমি এই ইচিএন সদস্যসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ তথা মানুহ আৰু হাতীৰ সংঘাতৰ বলি হোৱা লোকসকললৈ বস্তুগত সহায় আগবঢ়াইছো। শস্যৰ ক্ষতি হ্ৰাস কৰিবলৈ তেওঁলোকক হাতীক কম আকৰ্ষিত কৰা আৰু উপাৰ্জনত সহায় কৰিব পৰা বিকল্প শস্য, তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে কিট আদি প্ৰদান কৰা হয় । মানুহ আৰু হাতীৰ বৰ্ধিত সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত ই চি এনে দৃশ্যমান পৰিৱৰ্তন সাধিব বুলি আমি বিশ্বাস কৰোঁ

মানুহ আৰু হাতীৰ সংঘাতে হাতী আৰু মানুহ উভয়ৰে মংগলৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰে । উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসম এছিয়ান হাতীৰ বিচৰণথলী আৰু মানুহ আৰু হাতীৰ সংঘাতৰো মূল স্থান ।

সময়ৰ লগে লগে মানুহ আৰু হাতীৰ সংঘাতৰ ঘটনাৰ তীব্ৰতা আৰু প্ৰকোপ বৃদ্ধি পাইছে আৰু ই মানুহৰ জীৱন আৰু জীৱিকাক প্ৰভাৱিত কৰিছে আৰু হাতী সংৰক্ষণৰ চেষ্টাক দুৰ্বল কৰিছে । অসমত ২০১১-২০২১ বৰ্ষত প্ৰায় ৮০০ মানুহ আৰু প্ৰায় ৫০০ বনৰীয়া হাতী নিহত হোৱাৰ উদ্বেগজনক পৰিসংখ্যাই ইয়াক প্ৰতিফলিত কৰিছে । মানুহ আৰু হাতীৰ সংঘাতৰ ফলস্বৰুপে অসমত ২০২২ চনত  ৮২টা বন্যহস্তীৰ মৃত্যু হৈছে ।

Comment


State of Forest Report, 2019: Arunachal Pradesh and Mizoram have lost huge traditional bamboo covering areas
Gone are the days
Oil palm in Assam: Non-remunerative price and adverse impact on intercropping compel a section of farmers in Goalpara and Kamrup to withdraw from it
A few poems by Nupur Hazarika
Survey revives hopes for leopards in Guwahati
Earth, Hue and Festval - a photo feature by Anu Boro
Census data on epidemics: An estimated 1,11,340 died in Spanish Flu that struck Assam a century ago