> Byline > ওদালগুৰিত হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ ওপৰত আৰণ্যকৰ গুৰুত্বপূৰ্ণ কৰ্মশালা  
Date of Publish: 2023-04-05
Submited By: Gunajit Mazumdar
Contact: [email protected]

গুৱাহাটী, এপ্ৰিল ৫ : কালি ওদালগুৰি জিলাৰ টংলাত হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ ওপৰত  এখন কৰ্মশালাৰ আয়োজন কৰা হয় অসমৰ বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ এই জিলাত হাতী-মানুহৰ সংঘাত দিনক দিনে বাঢ়ি আহিছে তাৰ পৰিপ্ৰেক্ষিতত, অসমৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে বন বিভাগ আৰু জিলা প্ৰশাসনকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ সৈতে এই কৰ্মশালাৰ আয়োজন কৰিছিল।

 

কৰ্মশালাত বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধিসকলৰ সৈতে হাতী-মানুহৰ সংঘৰ্ষৰ হটস্পটৰ গাওঁৰ মুৰব্বীসকল উপস্থিত আছিল আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী আৰু প্ৰখ্যাত বন্যপ্ৰাণী সংৰক্ষক ড০ বিভূতি প্ৰসাদ লহকৰে ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘৰ্ষৰ প্ৰকৃতি বৰ্ণনা কৰে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন বৈজ্ঞানিক প্ৰশমন ব্যৱস্থাৰ কথা উল্লেখ কৰে ড০ লহকৰে ওদালগুৰি জিলাত এই বাঢ়ি অহা সংঘাত ৰোধ কৰিবলৈ বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ধনশিৰি বন সংমণ্ডলৰ বিভাগীয় বন বিষয়া দিবাকৰ দাসে কয় যে হাতী-মানুহৰ সংঘৰ্ষৰ মূল কাৰণ হৈছে হাতীৰ বাসস্থানৰ অৱক্ষয় । ইয়াৰ ফলত হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ ওচৰৰ গাওঁবোৰত প্ৰৱেশ কৰে যাৰ ফলত এই সংঘাত হয় । এই অপ্ৰাকৃতিক সংঘাতৰ বাবে স্থানীয় মানুহে জীৱন আৰু সম্পত্তি হেৰুৱাইছে আৰু আমি হাতীও হেৰুৱাই আছো । তেওঁ কয় যে হাতীয়ে বনাঞ্চলৰ পুনৰুত্থান আৰু সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ক্ষতিগ্ৰস্ত গাওঁবাসীসকলৰ বাবে তেওঁ চৰকাৰী ক্ষতিপূৰণ প্ৰক্ৰিয়াৰ ব্যাপকভাৱে বৰ্ণনা কৰে । হৰিচিঙ্গাৰ চক্ৰ বিষয়া মনীষা নাথে এই সংঘৰ্ষ নিয়ন্ত্ৰণ আৰু হাতী-মানুহৰ সহাবস্থাৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয়ৰ গুৰুত্বৰ বিষয়ে চমুকৈ উল্লেখ কৰে।

কৰ্মশালাখন আয়োজন কৰিবলৈ আৰণ্যকৰ জ্যেষ্ঠ বন্যপ্ৰাণী জীৱবিজ্ঞানী ড০ আললিকা সিনহা আৰু বন্যপ্ৰাণী সংৰক্ষক অঞ্জন বৰুৱাই নেতৃত্ব লয় । আৰণ্যকৰ বিষয়া ৰাবিয়া দৈমাৰী আৰু দিবাকাৰ নায়কে হাতী-মানুহৰ সহাবস্থান বাবে প্ৰশমন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে গাওঁৰ মুৰব্বী আৰু চৰকাৰী বিভাগৰ প্ৰতিনিধিসকলৰ পৰা মূল্যৱান পৰামৰ্শ সংগ্ৰহ কৰে

Comment


Bambooti Excavation Site: The last Neolithic Age cultural site in Assam with ruins of 3200 years old Kitchen Midden
Jalikhata: A quaint little village in Assam where a giant two-century-old banyan tree is teaching lessons of sustainability
A few poems of Tirthajyoti Borah
Binding borders with books
Cartoon of the week ( June 3 )
Mamoni Raisom Goswami’s Dream Hospital Needs Oxygen
Remembering Benu Misra: A great artist whose distinctive style added a unique dimension to modern art in Assam