> Byline > আৰণ্যকৰ উদ্যোগত আলোচনা কৰ্মশালা : দীপৰ বিলক ৰক্ষা কৰিবলৈ স্থানীয় লোকক জড়িত কৰি সংহত পদক্ষেপৰ প্ৰয়োজন  
Date of Publish: 2023-04-18
Submited By: Gunajit Mazumdar
Contact: [email protected]

গুৱাহাটী, ১৮ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ পশ্চিম দিশত অৱস্থিত প্ৰখ্যাত ৰামছাৰ থলী দীপৰ বিলৰ অস্তিত্বৰ প্ৰতি দ্ৰুত নগৰায়ন আৰু আনুষংগিক হেঁচাই প্ৰচণ্ড ভবুকি সৃষ্টি কৰিছে । এনে পৰিস্থিতি আৰু পৰিৱৰ্তিত আৰ্থ-পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিপ্ৰেক্ষিত্বত আন্ত:ৰাষ্ট্ৰীয়ভাবে গুৰুত্বপূৰ্ণ জলাশয়টোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ কাৰণে স্থানীয় লোকসকলক জড়িত কৰি এক সংহত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন ।

জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু গৱেষণা ক্ষেত্ৰৰ উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী অ-লাভজনক সংস্থা আৰণ্যকে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা দীপৰ বিলৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱস্থাপনাত স্থানীয় সম্প্ৰদায়ৰ ভূমিকাশীৰ্ষক এখন আলোচনা কৰ্মশালাই এই মত পোষণ কৰে । দীপৰ বিলৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাৰ ক্ষেত্ৰত সমূহীয়া প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্য কামৰূপ মহানগৰ জিলাৰ ধাৰাপুৰস্থিত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত যোৱা ১২ এপ্ৰিলত কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল। কৰ্মশালাখনত অংশগ্ৰহণকাৰী সকলে দীপৰ বিলৰ সুৰক্ষা আৰু নৈপৰীয়া লোকসকলৰ জীৱিকাৰ পৰিস্থিতি উন্নত কৰাৰ বাবে চৰকাৰ, স্থানীয় জনসাধাৰণ, আৰু নাগৰিক সমাজে এক সামঞ্জস্যপূৰ্ণ দৃষ্টিভংগীৰে ঐক্যবদ্ধভাবে কাম কৰিব লাগিব বুলি একমত প্ৰকাশ কৰে। বিলখনক বহনক্ষমভাৱে সংৰক্ষণ আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰাৰ বাবে চৰকাৰী সংস্থা আৰু নাগৰিক সমাজৰ সৈতে সহযোগিতাৰে স্থানীয় লোকসকলক সংগঠিত কৰিবলৈ যথেষ্টখিনি কৰিব লাগা আছে ।

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাণা শৰ্মাজি আই জেড-ইণ্ডিয়াৰ ড০ সুদীপ কান্ত বশিষ্ট, আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰ, ছিমাং কালেকটিভছ প্ৰাইভেট লিমিটেডৰ ঋতুৰাজ দেৱান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ ড০ বিদ্যুৎ বিকাশ শৰ্মা আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ মেৰী কলিতা আদি কেইবাজনো সমল ব্যক্তিয়ে কৰ্মশালাখনত জনসাধাৰণৰ জীৱন আৰু জীৱিকা, পৰিৱেশ সুৰক্ষা আৰু গুৱাহাটী চহৰৰ বহনক্ষমতাৰ বৰ্তাই ৰখাত জলাশয়ৰ গুৰুত্বৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।

ধাৰাপুৰৰ উমেদ আলী আহমেদ আৰু মাটিয়াৰ মুকুল দাসে স্থানীয় লোকসকলৰ প্ৰতিনিধি হিচাপে ভাষণ দি বিষয়টোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিৰ দৃষ্টিভংগীৰে জটিল আৰ্থ-পাৰিপাৰ্শ্বিক সমস্যাৰাজিৰ ওপৰত আলোকপাত কৰি মূল্যৱান তথ্য দাঙি ধৰে ।

আৰণ্যকৰ পানী, জলবায়ু আৰু বিপদ (Water, Climate and Hazard Division) শাখাৰ মুৰব্বী ড০ পাৰ্থ জ্যোতি দাসে আৰাণ্যকৰ হৈ অংশগ্ৰহণকাৰীসকলক আদৰণি জনোৱাৰ লগতে অনুষ্ঠানটো পৰিচালনা কৰে । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ মইনুল হক চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায় ।

আৰণ্যকে জি আই জেড-ইণ্ডিয়া (GIZ-India) আৰু অসমৰ বন বিভাগৰ সহযোগত চলাই থকা  দীপৰ বিলৰ পাৰত বসবাস কৰা জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক আৰু জীৱিকাৰ অৱস্থাৰ মূল্যায়না”  শীৰ্ষক এক অধ্যয়নৰ অংশ হিচাপে এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল ।

Comment


Save a plant, save a Japi
A few poems of Tirthajyoti Borah
Glimpses of Deodhani Nritya, Kamakhya temple by Anu Boro
Twisted- 8
Innovative community homestay models in Manas and Kaziranga-Karbi Anglong landscapes developed in partnership with Aaranyak combine traditional hospitality with nature tourism
NRC: Assam Accord is the legal shield for many of those excluded from the updated register
Rongali Bihu Celebration in Sydney