> Byline > সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো-আৰণ্যকৰ বন্যপ্ৰাণী অপৰাধ সজাগতা কৰ্মশালা  
Date of Publish: 2023-05-27
Submited By: Gunajit Mazumdar
Contact: [email protected]

গুৱাহাটী, ২৭ মে’: তৃণমূল পৰ্যায়ত বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) ইয়াৰ DETERS (বিলুপ্তপ্ৰায় আৰু বিৰল প্ৰজাতিৰ ব্যৱসায় বিঘ্নিত আৰু নিৰ্মূল) অভিযানৰ অধীনত আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB)ৰ সহযোগত সীমান্তৱৰ্তী ৰাজ্য অৰুণাচল প্ৰদেশত একেলেঠাৰিয়ে দুখন কৰ্মশালা অনুষ্ঠিত কৰে ।

যোৱা ২২ আৰু ২৪ মে’ত ক্ৰমে দিবাং উপত্যকা জিলাৰ অনিনি আৰু  লোহিত জিলাৰ তেজুত অনুষ্ঠিত কৰা বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় সজাগতা কৰ্মশালাত ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি), বন বিভাগ, অৰুণাচল প্ৰদেশ আৰক্ষী, গাঁওবুঢ়া আৰু স্থানীয় বেচৰকাৰী সংগঠনৰ সদস্যৰ ৮০ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে । ভাৰত চৰকাৰৰ “লাইফ” অভিযানৰ অংশ হিচাপে এই অনুষ্ঠানদুটা অনুষ্ঠিত কৰা হৈছিল ।


অনিনিৰ অংশগ্ৰহণকাৰীসকলক বন্যপ্ৰাণী ব্যৱসায়ৰ ফলত বিশ্ব স্বাস্থ্যৰ লগতে মানুহৰ মংগলৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক ড: জিমি বৰাই সজাগ কৰে ।

আৰান্যকৰ প্ৰকল্প বিষয়া আইভী ফাৰহিন হুছেইনে বন্যপ্ৰাণী অপৰাধস্থলীৰ তদন্ত আৰু প্ৰমাণ সংগ্ৰহৰ ক্ষেত্ৰত আইন বলবৎকাৰী সংস্থাৰ লোকসকলে মনোনিৱেশ কৰিবলগা বিষয়বোৰৰ ওপৰত আলোকপাত কৰে ।

গুৱাহাটীৰ উপ-আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী সঞ্চালক জৱাহৰলাল বড়োৰ নেতৃত্বত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ এটা গোটে বন্যপ্ৰাণীজাত সামগ্ৰীৰ সঠিক চিনাক্তকৰণ বিষয়ক এখন হাতে কামে কৰি দেখুওৱা এখন অধিবেশন অনুষ্ঠিত কৰে ।
 

আই টি বি পিৰ কমাণ্ডেণ্ট অ পি ছেজাৱাটে এনে প্ৰশিক্ষণৰ গুৰুত্ব আৰু নিয়মীয়াকৈ এনে প্ৰশিক্ষণ অধিবেশন আয়োজন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

লোহিত জিলাৰ তেজুত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীতো গাঁওবুঢ়াৰ নেতৃত্বত স্থানীয় লোক, আত্মসহায়ক গোট আৰু গাঁও প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।


বন্যপ্ৰাণী সুৰক্ষা এলেকাৰ কাষৰীয়া গাঁওসমূহত সংঘটিত বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাত তৃণমূল পৰ্যায়ত কাৰ্য্যক্ষম সজাগতাৰ প্ৰয়োজন । এই কথা মনত ৰাখি তেজুৰ কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক বন্যপ্ৰাণী অপৰাধৰ সৈতে মোকাবিলা কৰাৰ বিভিন্ন উপায়ৰ লগতে এনে অবৈধ কাৰ্যকলাপ ৰোধত তেওঁলোকৰ ভূমিকা সম্পৰ্কে সজাগ কৰা হয় ।

আই টি বি পি, বন বিভাগ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ অংশগ্ৰহণকাৰী কৰ্মীসকলৰ বাবে অনিনি কৰ্মশালাত অনুষ্ঠিত হোৱাৰ দৰেই তেজু কৰ্মশালাতো এখন কাৰিকৰী অধিবেশনৰ আয়োজন কৰা হয়।
 

অনিনি আৰু তেজুত অনুষ্ঠিত দুয়োখন সজাগতা কৰ্মশালাতে অৰুণাচল প্ৰদেশ চৰকাৰৰ সংশ্লিষ্ট সংমাণ্ডলিক বন বিষয়াসকলে অংশগ্ৰহণ কৰে আৰু প্ৰশিক্ষণ কৰ্মশালা দুখনৰ বাবে উদাৰ সহায় আগবঢ়ায়।

Comment


THE BAIT
Lampuii – A short story by Bipasha Bora
A Few poems by Pratim Baruah
French artists stage ‘Bhaona’ in Guwahati - a photo story by Prabir Kumar Talukdar
Effect of insecticides on Muga silkworm: Study establishes harmful effects of three insecticides used in Assam tea gardens on the golden silk
Beki river shatters dreams of Majidbhita char dwellers (A photo essay)
Assam HDR 2014: Char areas have the lowest literacy rate in all age groups